For Islamic law, God ordained last Prophet not to follow any book except Quran, and Prophet told people, after me follow no book except Quran

via For Islamic law, God ordained last Prophet not to follow any book except Quran, and Prophet told people, after me follow no book except Quran

Posted in Uncategorized | Leave a comment

মৃত্যুৰ পাছতো চৈয়দ আব্দুল মালিকক ৰক্ষা নিদিয়া কোন এই নাৰী…

 2,268
Custom-Inside-content-23-04-2020-Dhani

মৃদুল কুমাৰ সন্দিকৈ

মানুহৰ জ্ঞানৰ গভীৰতা আৰু অন্তনিৰ্হিত উদ্দেশ্যে তেওঁৰ কথা-বতৰাৰ পৰাই গম পোৱা যায় । অসমীয়া সাহিত্যৰ এগৰাকী স্বনামধন্য সাহিত্যিক চৈয়দ আব্দুল মালিক। ২০০০চনৰ ১৯ ডিচেম্বৰত ইহঃসংসাৰ ত্যাগ কৰা এই গৰাকী বৰেণ্য সাহিত্যিকক লৈ প্ৰায় ২০ বছৰৰ পাছত সৃষ্টি হোৱা অপ্ৰয়োজনীয় বিতৰ্ক সঁচা অৰ্থত দুৰ্ভাগ্যজনক।

যিসকলে এই বিতৰ্কৰ সূত্ৰপাত কৰিবলৈ গৈ তেওঁৰ এটা কবিতাক আধাৰ কৰি ল’লে সেইসকলে চৈয়দ আব্দুল মালিক নামৰ মানুহজনৰ মনৰ ভাব আৰু কবিতাত অন্তৰ্নিহিত ভাৱাৰ্থ অনুধাৱন কৰিব পাৰিও যেন এক বিশেষ স্বাৰ্থক আগত ৰাখি এনে কাৰ্য কৰিছে কোনোবাই তেনে অনুভৱ কৰাটো অযুক্তিকৰ বুলিব নোৱাৰি।

চৈয়দ আব্দুল মালিক মানুহজনঃ

অসমীয়া সাহিত্যিৰ শ্ৰেষ্ঠ গদ্য লিখক সকলৰ ভিতৰত অন্যতম চৈয়দ আব্দুল মালিক। ১৯১৯চনৰ ১৫ জানুৱাৰীত গোলাঘাটৰ নাহৰণিত জন্মগ্ৰহণ কৰা চৈয়দ আব্দুল মালিকৰ জীৱন অতি প্ৰত্যাহ্বানেৰে ভৰা আছিল।

৭২খনকৈ উপন্যাস, ২হাজাৰৰো অধিক গল্প, ৫খনকৈ কবিতা সংকলন, ৫খনকৈ জীৱনী গ্ৰন্থ, ৯খনকৈ গৱেষণামূলক গ্ৰন্থ, ৩খন আত্মজীৱনী, কেইবাখনো শিশুগ্ৰন্থ, ২১খন নাটক আৰু অন্যান্য গীতৰ সংকলন, কাকত-আলোচনীৰ সম্পাদনাৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি যোৱা চৈয়দ আব্দুল মালিক আছিল অসমীয়া সাহিত্যিৰো মালিক।

সুধাকণ্ঠ ভূপেন হাজৰিকাই চৈয়দ আব্দুল মালিকৰ সন্দৰ্ভত কুৰালগুৰি নাট্য মন্দিৰৰ এক অনুষ্ঠানত অংশ লৈ কৈছিল- ‘অসমীয়া সাহিত্যৰ মালিক চৈয়দ আব্দুল মালিক।’ ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছৰ সময়চোৱাত অসমীয়া উপন্যাস সাহিত্যক বিশেষভাৱে আগুৱাই লৈ গৈছিল এইগৰাকী বিশিষ্ট সাহিত্যিকে।

ৰজনীকান্ত বৰদলৈৰ পাছত চৈয়দ আব্দুল মালিকেই অসমীয়া উপন্যাস সাহিত্যক পৰৱৰ্তী সময়চোৱাত আগুৱাই নিছিল। তেওঁৰ উপন্যাসৰ বহু চৰিত্ৰ এতিয়াও পাঠকৰ মনত সজীৱ হৈ আছে। বনজুই, মাটিৰ চাকি, সুৰুযমুখী স্বপ্ন, অঘৰী আত্মাৰ কাহিনী, ৰথৰ চকৰী ঘূৰে, ৰূপতীৰ্থ যাত্ৰী এইবোৰ উপন্যাসৰ উপৰিও তেওঁ লিখা এখন বিশেষ উপন্যাস আছিল ‘ধন্য নৰ তনু ভাল’।

চৈয়দ আব্দুল মালিকেই জানো লিখা নাছিল ‘ধন্য নৰ তনু ভাল’…

তেওঁৰ গ্ৰন্থ সম্ভাৰৰ নাম উল্লেখ কৰিলেই এটা দীঘল লেখা হয়। চৈয়দ আব্দুল মালিকে ৪খনকৈ কবিতা সংকলন প্ৰকাশ কৰিছিল। তাৰ ভিতৰত ১৯৪৮চনত প্ৰকাশ হৈছিল ‘বেদুইন’ নামৰ কাব্য সংকলনখন। তাৰপাছতেই তেখেতৰ আন এখন কাব্য সংকলন প্ৰকাশ পাইছিল ১৯৬৫চনত।

সেই কাব্য সংকলনৰ নাম আছিল ‘স্বাক্ষৰ’। এই সংকলনটিত মুঠ ১৪টা কবিতা স্থান দিছিল চৈয়দ আব্দুল মালিকে। তাৰ ভিতৰতে এটা কবিতা আছিল ‘মই অসমীয়া’। যিটো কবিতা চৈয়দ আব্দুল মালিকে ১৯৪১চনত ৰচনা কৰিছিল।

কবিতাটো ৭০ দশকত হাইস্কুল শ্ৰেণীৰ অসমীয়া পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত কৰা হৈছিল। প্ৰথমে সেই কবিতাটো প্ৰকাশ হৈছিল বাঁহী আলোচনীত। চৈয়দ আব্দুল মালিকৰ এই কবিতাক লৈ উচ্চ প্রশংসা কৰিছিল কাব্য সমালোচকসকলেও।

চৈয়দ আব্দুল মালিকে ১৯৪১চনতে লিখা ‘মই অসমীয়া’ কবিতাটো স্থান দিছিল তেওঁৰ স্বাক্ষৰ নামৰ কাব্য সংকলনত…

তেওঁৰ মূৰৰ দাম ঠিক কৰা হৈছিল ৫০০ টকা!

চৈয়দ আব্দুল মালিকৰ চিন্তা-চেতনাত মাক্সবাদৰ প্ৰতিফলন ঘটিছিল। সপ্তম শ্ৰেণীত থাকোতেই তেওঁ বামপন্থী ছাত্ৰ আন্দোলনৰ সৈতে জড়িত হৈ পৰিছিল। অসম আন্দোলনৰ সময়ত চৈয়দ আব্দুল মালিকক বিভিন্ন উপাধিৰে উপলুঙা কৰা হৈছিল।

তেওঁৰ পৰিয়ালটোলৈ সন্দেহযুক্ত বিদেশী বুলি জাননীও প্ৰেৰণ কৰা হৈছিল। এই সকলোবোৰৰ অন্তৰালত যে ষড়যন্ত্ৰ জড়িত হৈ আছিল সেই কথা পৰৱৰ্তী সময়ত ওলাই পৰিছিল। কিন্তু অসম আন্দোলনৰ সময়চোৱাত অপমান, বদনাম মূৰ পাতি লৈও তেওঁ নীৰৱে নিজৰ কাম কৰি গৈছিল।

চৈয়দ আব্দুল মালিকৰ ‘পোৰা গাঁৱত পহিলা বহাগ’ নামৰ গল্প সংকলনটিৰ পাতনিত সেই সময়ৰ কথা লিখি গৈছে সাহিত্যিকগৰাকীয়ে। এই গল্পসংকলনখন ড০ হীৰেণ গোঁহাইলৈ উৎসৰ্গা কৰা পৃষ্ঠাটোত মালিকে লিখিছিল- ‘মৰমৰ হীৰেণ, আমাৰ মূৰবোৰ কিনি ল’ব নোৱাৰি টঙনিয়াই ভাঙি পেলাব খুজিছিল। তোমাৰ মূৰৰ তেজ কিছু বাটৰ ধূলিত মিহলি হ’ল। লাওখোলাটো টান আছিল। তেজ, শেষ হৈ নগ’ল, ধাতুটো ৰক্ষা পৰিল। তোমাৰ শৰীৰ এই তেজৰ দাম কোনে দিব? এই কিতাপখনে তোমাৰ গাৰ সেই তেজক প্ৰণাম জনাইছো।’

ইছমাইল হোছেইনৰ ‘আদৰ্শ অসমীয়া জীৱনৰ চিন্তা’ শীৰ্ষক গ্ৰন্থত উল্লেখ আছে চৈয়দ আব্দুল মালিকৰ জীৱন আৰু কৰ্মৰ বিষয়ে এক তথ্য সমৃদ্ধ লেখা…

ইছমাইল হোছেইনে তেওঁৰ শেহতীয়া গ্ৰন্থ ‘আদৰ্শ অসমীয়া জীৱন আৰু চিন্তা”ত চৈয়দ আব্দুল মালিকৰ জীৱন আৰু কৰ্ম সন্দৰ্ভত এক তথ্যসমৃদ্ধ লেখা সন্নিবিষ্ট কৰিছে। য’ত নিৰপেক্ষ ভাৱে চৈয়দ আব্দুল মালিকক বিচাৰ-বিশ্লেষণ কৰি কবি সমালোচক তথা সাহিত্যিক ইছমাইল হোছেইনে লিখিছে- ‘আমি প্ৰতিজন অসমীয়াই আত্মসমালোচনা কৰিব জানিলে মালিকৰ দৰে ব্যক্তিক বুজি পাম। আত্মপ্ৰতাৰণাৰ পৰা আঁতৰি থাকিব পাৰিম আৰু নিজক পৰিচালিত কৰিব পাৰিম প্ৰকৃত পথত, অসমৰ স্বাৰ্থত, অসমীয়াৰ স্বাৰ্থত, অসমবাসীৰ স্বাৰ্থত, সৰ্বোপৰি বিশ্ববাসীৰ স্বাৰ্থত।’

চৈয়দ আব্দুল মালিকে পোৰাগাঁৱৰ পহিলা বহাগৰ পাতনিত লিখা কথা কেইটা আছিল- ‘যোৱা ৪/৫ বছৰত মই একুৰিমান চুটি গল্পহে লিখিলোঁ, এই সময়চোৱাত আছিল মোৰ আৰু মোৰ পৰিয়ালৰ আটাইতকৈ সংকটময় আৰু দুৰ্যোগপূৰ্ণ সময়। মোৰ মূৰৰ ওপৰত মৃত্যুৰ পৰোৱানা- ‘লাগে লাগে মালিকৰ মূৰটো লাগে- পুৰষ্কাৰ পাঁচশ টকা।’ আমাৰ পৰিয়ালটো সামাজিকভাৱে বহিষ্কৃত বা বৰ্জিত ‘বয়কটেড’- আমাৰ নাহৰণি গাঁৱত গঢ়ি তোলা হৈছে সাম্প্ৰদায়িক সংঘৰ্ষৰ আখৰা। মোৰ যোৰহাটৰ ঘৰৰ চাৰিওদিশে এক হত্যা-ষড়যন্ত্ৰৰ বেহুঁ, ৰাতিৰ কথাই নাই দিনতে বাহিৰ ওলাই যোৱাটো বিপদজনক- এনে এটা অন্ধকাৰময় সময়তে মোৰ ওচৰলৈ আহিছিল এই গল্পৰ কাহিনীবোৰ- অমানুষিক, পাশৱিক, ভয়ংকৰ আৰু অবিশ্বাস্য।’

২২ বছৰ বয়সতে লিখা কবিতাক লৈ হঠাৎ বিতৰ্কঃ

২২ বছৰ বয়সতে অৰ্থাৎ ১৯৪১চনত চৈয়দ আব্দুল মালিকে লিখা ‘মই অসমীয়া’ কবিতাটোক লৈ হঠাৎ বিতৰ্কৰ সূত্ৰপাত হ’ল। প্ৰায় ৮০ বছৰ পাছত চৈয়দ আব্দুল মালিকে লিখা এই কবিতাটোত মোগলৰ বন্দনা কৰা বুলি এচামে অপপ্ৰচাৰ চলালে।

আচলতে এই অপপ্ৰচাৰ চলাবলৈ এক ৰাজনৈতিক পৰিৱেশ ৰচনা কৰাৰ সুযোগ ল’লে এই পক্ষই। কবিতাটোত লিখা ‘জীয়াই থাকোতে মই এই পৃথিৱীত/চিৰদিন ইয়াৰে অসমীয়া/মৰিলেও অসমৰ মই।/মৰাৰ পাছতো যদি আহো পুনৰ কেতিয়াবা/আহিম ইয়ালৈকো ঘূৰি/স্মিৰিতিৰ ইতিহাস লৈ/অসমে অসমীয়া হৈ…’ সেই কথাখিনিক বাদ দি তেওঁ দাঙি ধৰা এক ইতিহাসক বিকৃত বাখ্যাৰে চৈয়দ আব্দুল মালিকক মোগলৰ প্ৰশংসাকাৰী সজাই পেলোৱা শিক্ষিত চামটোৰ সৈতে হাত উজান দিলে আন এচাম সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ সাজু হৈ থকা লোকে।

এইগৰাকী মহিলাই সূত্ৰপাত কৰিলে সেই বিতৰ্কৰ…

ৰূপা ৰাণী ভূঞা নামৰ মহিলাগৰাকীয়ে ছ’চিয়েল মিডিয়াত অতি জৰুৰী বুলি উল্লেখ কৰি এই কবিতাৰ কিছু অংশ ফটোসহ দি লিখিলে- চৈয়দ আব্দুল মালিক ডাঙৰীয়া মোগলৰ বন্দনা কৰা এই কবিতাটো কোনোবাই প্ৰসংগসংগতি দৰ্শাই বাখ্যা কৰিব পাৰিবনে বুলি। তাৰ পৰাই সূত্ৰপাত হ’ল অসমৰ এজন মহান সাহিত্যিকক লৈ সাম্প্ৰদায়িক আৰু অতি দুৰ্ভাগ্যজনক ভাৱে তেওঁক জেহাদী, মৌলবাদী, দেশদ্ৰোহী সজোৱা পৰ্ব।

মৃত্যুৰ পাছত মানুহে গুণ গায়। কিন্তু চৈয়দ আব্দুল মালিকৰ দৰে ওৰেটো জীৱন অসমীয়া সাহিত্যৰ প্ৰতি উৎসৰ্গা কৰা বিশিষ্ট সাহিত্যিকজনৰ প্ৰতি ন্যূনতম শ্ৰদ্ধা নাৰাখি আৰু তেওঁৰ কবিতাৰ ভাবাৰ্থ নুবুজি এচাম তৰলমতীয়াই ইয়াক এইদৰে অপপ্ৰচাৰ কৰিলে যে অসমৰ বৌদ্ধিক সমাজৰ চকু কপালত উঠিল। অৱশ্যে দুই-একে সেই ভুল বুজি পাই নিজকে আত্মসংশোধন কৰাৰো চেষ্টা কৰিলে। অনুশোচনাৰ জুইত দ্বগ্ধ হৈ লিখিলে- সম্পূৰ্ণ কবিতাটো ভালদৰে নপঢ়াৰ বাবেই এনে ভুল কৰিলে।

অনুশোচনা…

কোন এই ৰূপা ৰাণী ভূঞা?

যিগৰাকী মহিলাই চৈয়দ আব্দুল মালিকক সাম্প্ৰদায়িক সজাই বিচাৰকাঠগৰাত উঠোৱাৰ চেষ্টা কৰিলে, এই ৰূপা ৰাণী ভূঞা কোন? মহিলাগৰাকীৰ সন্দৰ্ভত লাভ কৰা তথ্য অনুসৰি, তেওঁ কংগ্ৰেছ দলৰ এজন বিশেষ নেতাৰ তোলনীয়া জী সদৃশ আছিল।

এইগৰাকী মহিলাই কংগ্ৰেছ দলৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰাই নহয়, মঙলদৈৰ এখন মহাবিদ্যালয়ত ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ৰূপে কৰ্মৰত হৈ থকা অৱস্থাতে নিৰ্বাচনী ৰাজনীতিতো ভৰি দিছিল।

Custom-Inside-Content-23-04-2020
২০১১চনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল ৰূপা ৰাণী ভূঞাই…

কংগ্ৰেছৰ প্ৰাৰ্থী ৰূপে কলাইগাঁও সমষ্টিত ২০১১চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল এইগৰাকী মহিলাই। ইংৰাজী সাহিত্যৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী মহিলাগৰাকীয়ে সেই নিৰ্বাচনত ১৫,৩৮২টা ভোট লাভ কৰি পৰাস্ত হৈছিল।

মুকুন্দৰাম চৌধুৰীৰ হাতত পৰাস্ত হোৱা ৰূপা ৰাণী ভূঞাই কংগ্ৰেছৰ শিক্ষক কোষৰ বিষয়ববীয়াৰ দায়িত্বতো আছিল। ২০১৯চনৰ লোকসভা নিৰ্বাচনতো তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল যদিও, গণভিত্তি নথকাত এইগৰাকী মহিলাক টিকট দিয়া হোৱা নাছিল।

সেয়েহে তেওঁ পৰৱৰ্তী সময়ত কংগ্ৰেছৰ পৰা আঁতৰি আহি নতুন ৰাজনৈতিক সমীকৰণেৰে এক বিশেষ পৰিৱেশ ৰচনাত ব্যস্ত হৈ পৰিছিল। কংগ্ৰেছ দলৰ ফালৰ পৰা এই বিতৰ্কৰ সূত্ৰপাত হোৱাৰ পাছতেই তেওঁ যে কংগ্ৰেছৰ কোনো কাৰ্যকৰ্তা নহয় সেই কথা স্পষ্ট কৰি আনুষ্ঠানিক বিবৃতিও প্ৰদান কৰা হৈছে।

কংগ্ৰেছৰ বিবৃতিটো…

সাম্প্ৰদায়িক মন্তব্য আৰু সাম্প্ৰদায়িক দৃষ্টিভংগীৰে এটা বিশেষ ৰাজনৈতিক দলৰ দৃষ্টি আকৰ্ষণ কৰিব খোজা এইগৰাকী মহিলাই ছ’চিয়েল মিডিয়াত প্ৰায়ে এনে কিছু মন্তব্য প্ৰদান কৰে যিবোৰ পঢ়িলে এগৰাকী শিক্ষিত আৰু অধ্যাপকৰ দৰে বৃত্তিত নিয়োজিত লোকে কোনো উদ্দেশ্য নথকাকৈ তেনে মন্তব্য কৰিব পাৰে বুলি ধাৰণা নহয়।

চৈয়দ আব্দুল মালিকৰ বিৰুদ্ধে এনে সংকীৰ্ণ মতামতেৰে মন্তব্য কৰাৰ পাছত বিভিন্ন মঞ্চত ইয়াৰ প্ৰতিবাদ হোৱাৰ পাছতো এইগৰাকী মহিলাই দাম্ভিকতাৰে সেইবোৰ প্ৰশ্নৰ উত্তৰ সময়ত দিয়া হ’ব বুলি কৰা প্ৰত্যুত্তৰো লক্ষণীয়।

ইতিমধ্যে অসমৰ বৌদ্ধিক সমাজ আৰু সাধাৰণ ৰাইজ, দল-সংগঠন এই মহিলাগৰাকীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে। আমিও কিয় তেখেতে এনে দৃষ্টিভংগীৰে চৈয়দ আব্দুল মালিকক লক্ষ্য কৰি ল’লে সেই কথা তেওঁৰ মুখৰ পৰা জনাৰ চেষ্টা কৰিছিলো যদিও, তেখেতৰ মোবাইল বন্ধ হৈ থকাত তেওঁৰ কোনো মন্তব্য জানিব পৰা নগ’ল। অৱশ্যে এইগৰাকী মহিলাৰ বিৰুদ্ধে যোৰহাটত আছুকে ধৰি অসমৰ বিভিন্ন স্থানত একাধিক গোচৰো ৰুজু কৰা হৈছে।

চৈয়দ আব্দুল মালিকক অপমান কৰাৰ বিৰুদ্ধে দাখিল কৰা এখন এজাহাৰ…

ৰাষ্ট্ৰীয় সংবাদমাধ্যমতো পাইছেগৈ সেই খবৰঃ

একাংশ ৰাষ্ট্ৰীয় সংবাদমাধ্যমতো চৈয়দ আব্দুল মালিকক এইদৰে সাম্প্ৰদায়িক সজাই মোগলৰ প্ৰসংগৰ ওপৰত উপস্থাপন কৰা সন্দৰ্ভত খবৰ প্ৰকাশ পাইছে। কিন্তু পৰিতাপৰ কথা যে, চৈয়দ আব্দুল মালিকৰ সৈতে মিঞা কবিতাৰ প্ৰসংগ টানি আনি দ্য ৱাইৰত আন এক চক্ৰই চৈয়দ আব্দুল মালিক আৰু মিঞা কবিতাক একাকাৰ কৰি পেলাইছে। এয়া আন এক দুখঃজনক খবৰ।

দ্য ৱাইৰত মিঞা কবিতাৰ সৈতে একাকাৰ চৈয়দ আব্দুল মালিকক…

কোনো পক্ষই চৈয়দ আব্দুল মালিকক লৈ নিজ স্বাৰ্থ সিদ্ধিৰ বাবে এনে কৰাটো অনুচিত। যিগৰাকী লোকে চিৰদিন অসমীয়া বুলি নিজকে ঘোষণা কৰি থৈ গৈছে সেইগৰাকী অসমীয়াক আমি সন্মান জনাব নোৱাৰিলেও অসন্মান জনোৱাৰ অধিকাৰ নাই।

‘মই অসমীয়া’ কবিতাৰেই কিছু অংশ এটা বিখ্যাত অসমীয়া গীত। চিৰদিন মই অসমীয়া শীৰ্ষক এই গীতটি প্রথম গাইছিল সংগীতা বৰঠাকুৰে। দীপালি বৰঠাকুৰ জীয়াই থাকোতে তেওঁৰ ঘৰত সংগীতা বৰঠাকুৰে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সন্মুখত এই গীতটি গাওঁতে চকু সেমেকি উঠিছিল সুধাকণ্ঠৰো। আৰু সেই অসমীয়া জাতিক জগাই তুলিব পৰা গীতৰ স্ৰষ্টাজনক আজি আমি এনেদৰে উপহাস কৰাৰ অধিকাৰ কাৰোবাক কেনেকৈ দিব পাৰো।

বিংশ শতিকাৰ ২০জন শ্ৰেষ্ঠ অসমীয়াৰ ভিতৰত চৈয়দ আব্দুল মালিকঃ

২০০০ চনৰ আৰম্ভণিতে অসমৰ সাহিত্য বিষয়ক আলোচনী ‘গৰীয়সী’য়ে এক উদ্যোগ লৈছিল। চন্দ্ৰপ্ৰসাদ শইকীয়া আছিল গৰীয়সীৰ তেতিয়াৰ সম্পাদক।একবিংশ শতিকাৰ প্ৰৱেশৰ সেই ঐতিহাসিক মুহূৰ্তত বিংশ শতিকাৰ অসমৰ কুৰিগৰাকী শ্ৰেষ্ঠ অসমীয়াক নিৰ্বাচন কৰাৰ প্ৰয়াস কৰা হৈছিল।

সেই সময়ত মুঠ ১২৬গৰাকী ব্যক্তিৰ নাম সমীক্ষক সকলে অনুমোদন কৰিছিল। শ্ৰেষ্ঠ ২০গৰাকী অসমীয়াক নিৰ্বাচনৰ বাবে সেই সময়ত যি উদ্যোগ লোৱা হৈছিল সেই উদ্যোগে ৰাজ্যবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছিল।

বিংশ শতিকাৰ ২০গৰাকী শ্ৰেষ্ঠ অসমীয়া…

বিংশ শতিকাৰ কুৰিগৰাকী শ্ৰেষ্ঠ অসমীয়াৰ তালিকাত স্থান লাভ কৰিছিল ক্ৰমে- লক্ষ্মীনাথ বেজবৰুৱা, কৃষ্ণকান্ত সন্দিকৈ, জ্যোতি প্ৰসাদ আগৰৱালা, গোপীনাথ বৰদলৈ, বিষ্ণুপ্ৰসাদ ৰাভা, বাণীকান্ত কাকতি, অম্বিকাগিৰি ৰায় চৌধুৰী, ৰাধাগোবিন্দ বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, মহেশ্বৰ নেওগ, সূৰ্যকুমাৰ ভূঞা, চৈয়দ আব্দুল মালিক, বিৰিঞ্চি কুমাৰ বৰুৱা, হেম বৰুৱা, চন্দ্ৰপ্ৰভা শইকীয়ানী,পদ্মনাথ গোহাঞিবৰুৱা, তৰুণ ৰাম ফুকন, নৱকান্ত বৰুৱা, হোমেন বৰগোঁহাঞি আৰু ভৱেন্দ্ৰ নাথ শইকীয়াই।

বিংশ শতিকাৰ কুৰিগৰাকী শ্ৰেষ্ঠ অসমীয়া…

এইগৰাকী শ্ৰেষ্ঠ অসমীয়াক অনাহকত বিতৰ্কৰ মাজলৈ টানি অনা সাহস কেনেকৈ হ’ল এই চাম লোকৰ। প্ৰমাণ হ’ল নেকি আকৌ এবাৰ আমি অসমীয়া জাতি কিমান অকৃতজ্ঞ? আধুনিক অসমীয়া সাহিত্যত বিপুল আৰু বৈচিত্ৰময় সৃষ্টিশীল ৰচনাৰে জ্যোতিষ্মান হৈ থকা কিংবদন্তী এইগৰাকী শিল্পীক এনেদৰে বিতৰ্কৰ মাজলৈ টানি অনাৰ সাহস তেওঁলোকে পালে কেনেকৈ?

অসম তথা ভাৰতৰ বিভিন্ন সাহিত্য সংস্কৃতি সংগঠন, গণনাট্য সংঘ, অসম সাহিত্য সভাৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি চৈয়দ আব্দুল মালিকে প্ৰমাণ কৰি গৈছিল তেওঁ কিমান দায়িত্বশীল জাতিৰ প্ৰতি। ১৯৭৭চনত অসম সাহিত্য সভাৰ অভয়াপুৰী অধিবেশনৰ সভাপতি আছিল তেওঁ। ১৯৫২চনৰ পৰা ১৯৫৫চনলৈ গণনাট্য সংঘৰ, অসম সংঘৰ সভাপতিও আছিল।

কুৰি বছৰ বয়সতে তেওঁ ঘোষণা কৰিছিল মই অসমীয়া বুলি। যিজন মানুহে শ্ৰীমন্ত শংকৰদেৱৰ জীৱনভিত্তিক উপন্যাস ‘ধন্য নৰ তনু ভাল’ লিখিছিল আৰু সেই উপন্যাসখনৰ শেষ অধ্যায় লিখা দিনা তেওঁ আৱেগত কান্দি পেলাইছিল সেইজন মানুহক কোনে ক’ব পাৰে তেওঁ অসমীয়াৰ বৈৰী বুলি।

গুৰুজনাৰ প্ৰতি তেওঁৰ আছিল পৰম ভক্তি। হয় তেওঁৰ ধৰ্ম ইছলাম। কিন্তু তেওঁৰ দেহত আছিল অসমীয়াৰ তেজ। অসমীয়াত্বক তেওঁ বুকুৰ মাজত লৈ ফুৰিছিল। তেওঁৱে লিখিছিল প্ৰেম অমৃতৰ নদী। তেওঁ কোনোদিনেই উগ্ৰ জাতিয়তাবাদ আৰু হিন্দত্ববাদৰ পোষকতা কৰা নাছিল।

বিশিষ্ট সাহিত্যিক চৈয়দ আব্দুল মালিক…

মৃত্যুৰ পাছতো তেওঁ ৰক্ষা নাপালেঃ

মৃত্যুৰ পাছতো তেওঁক ৰক্ষা দিয়া নহ’ল। ‘ধন্য নৰ তনু ভাল’ৰ স্ৰষ্টাজনক সাম্প্ৰদায়িক সজোৱা হ’ল। আচলতে সেই সাম্প্ৰদায়িকতাৰ বীজ লালন-পালন কৰিবলৈ এক পৰিৱেশ ৰচনা কৰি থোৱা হৈছে। ৰাজনৈতিক লিপ্সা পূৰণ কৰিবলৈ কোনোৱে ইয়াকে সম্বল কৰি লৈছে।

এজন মহান অসমীয়াক এইদৰে অপমান কৰাৰ পাছতো কিদৰে হাত সাৱটি বহি আছে এই চৰকাৰ আৰু আৰক্ষী। কোনো নেতাক গালি দিলে, সমালোচনা কৰিলে যদি জে’লৰ ভাত খাব লগা হয় তেন্তে চৈয়দ আব্দুল মালিকৰ দৰে এজন শ্ৰেষ্ঠ অসমীয়াক অপমান কৰাই নহয়, তেওঁক লৈ অসমীয়া জাতীয় সত্বাৰ মাজত সাম্প্ৰদায়িকতাৰ বীজ ৰোপন কৰিবলৈ চেষ্টা কৰা সকলৰ বিৰুদ্ধে আৰক্ষীয়ে এতিয়া কঠোৰ ব্যৱস্থা নলয় কিয়?

যিগৰাকী মহিলাই এই সাম্প্ৰদায়িক বিষবাষ্পৰ বীজ মেলি দিছিল তেওঁ ৰাজনীতিৰ স্বাৰ্থতে তেওঁ ইমান তললৈ নমাৰ সাহস কৰা বুলিয়েই এতিয়া চৰ্চা চলিছে। তেনে সাম্প্ৰদায়িক দৃষ্টিভংগীৰে অসমীয়া ঐতিহ্য আৰু সাহিত্যক অৱমাননা কৰিব খোজা, ৰাজনৈতিক ক্ষেত্ৰখনত এইধৰণৰ অতি তৰল কৰ্মকে জখলা ৰূপে ব্যৱহাৰ কৰি প্ৰতিষ্ঠা লাভৰ অপচেষ্টা কৰা সকলকো ৰাইজে চিনি পোৱা উচিত। যিসকলে চৈয়দ আব্দুল মালিকৰ এই কবিতাক লৈ প্ৰশ্ন তুলিছে, তেওঁলোকে কেৱল এই মহান সাহিত্যিকজনকে নহয়, অপমান কৰিছে অসমীয়া জাতি, অসমীয়া সাহিত্য আৰু আমাৰ সমন্বয়ক। এনে হীন মানসিকতাৰে সাম্প্ৰদায়িক ৰহন সানিব খোজা সকলক ইতিমধ্যে ৰাইজে যোগ্য প্ৰত্যুত্তৰ দিবলৈ আৰম্ভ কৰিছে।

Posted in Literature | Leave a comment

চৈয়দ আব্দুল মালিকক ৰক্ষা নিদিয়া কোন এই নাৰী…

মৃত্যুৰ পাছতো চৈয়দ আব্দুল মালিকক ৰক্ষা নিদিয়া কোন এই নাৰী…

অসমীয়া প্ৰতিদিন ৰ দ্বাৰা Apr 24, 2020 ত শেষ সম্পাদনা কৰা হৈছে
(https://www.asomiyapratidin.in/spcl-wrtng-about-rupa-rani-bhuyas-fb-post-on-sayd-abdul-malik-by-mridul-kr-handique/)

 2,268

 শ্বেয়াৰ কৰক

 ………x……….

Posted in Literature | Leave a comment

Cinatoli Hand made Green Tea

Jjjjj

Posted in Tea, Uncategorized | Tagged | Leave a comment

Hello world!

Welcome to WordPress.com. After you read this, you should delete and write your own post, with a new title above. Or hit Add New on the left (of the admin dashboard) to start a fresh post.

Here are some suggestions for your first post.

  1. You can find new ideas for what to blog about by reading the Daily Post.
  2. Add PressThis to your browser. It creates a new blog post for you about any interesting  page you read on the web.
  3. Make some changes to this page, and then hit preview on the right. You can alway preview any post or edit you before you share it to the world.
Posted in Uncategorized | 1 Comment